অসম আৰোগ্য নিধি আঁচনি
অসম চৰকাৰে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ কাৰণে কেইবাখনো কল্যাণকামী আঁচনি ৰুপায়ণ কৰি আহিছে।অসম আৰোগ্য নিধি আঁচনি তাৰ ভিতৰত অন্যতম।ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰুপায়ণ কৰা এই অসম আৰোগ্য নিধি আঁচনিৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াললৈ যিসকলৰ মাহিলি আয় ১০ হাজাৰ টকাতকৈ অধিক নহয় তেনে পৰিয়াললৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয়।দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে উন্নত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনিখন বলৱৎ কৰা হৈছে।উক্ত আঁচনিৰ অধীনত এই লোকসকলক উন্নত মানৰ চিকিৎসাৰ উদ্দেশ্যে বিত্তীয় সাহায্য প্ৰদান কৰা হয়।অসম আৰোগ্য নিধিৰ অধীনত কৰ্কট ৰোগ,বৃক্কৰোগ অস্থিৰোগ,হৃদৰোগ এইডছ ,ব’ন মেৰো সলনা-সলনি,মানসিক ৰোগ,শল্য চিকিৎসা,থেলাচেমিয়া আৰু দুৰ্ঘটনাত আঘাতজনিত ,বোমা বিস্ফোৰণত আক্ৰান্তসকলৰ চিকিৎসা সামৰি লোৱা হৈছে।ইয়াৰ উপৰি এই আঁ চনিৰ অধীনত ৰোগ নিৰুপণ সেৱা আৰু ঔষধ-পাতিৰ সেৱাও সামৰি লোৱা হৈছে।উক্ত আঁচনিখনৰ যোগেদি দৰিদ্ৰ শ্ৰেণীৰ লোকসকল যথেষ্ট উপকৃত হয়।